Select Page

সঘনাই সুধিবলগীয়া প্রশ্নবোৰ

নিউট্রিচার্জ ডিএইচএ-ৰ প্রশ্নবোৰ

1. নিউট্রিচার্জ ডিএইচএ কি?

নিউট্রিচার্জ ডিএইচএ হ’ল খাদ্য সৰবৰাহকাৰী

2. নিউট্রিচার্জ ডিএইচএ কেনেকৈ উপকাৰ কৰে?

নিউট্রিচার্জ ডিএইচএ ভ্রূণৰ শিশুৰ মস্তিষ্কৰ সর্বোত্তম উন্নয়নত সাহায্য কৰে (মস্তিষ্কৰ অঙ্গৰ উন্নয়ন)।

3. মাকৰ গর্ভৰ ভিতৰত বাৰু শিশুৰ মস্তিষ্কৰ সম্পূর্ণ উন্নয়ন ঘটে নে?

মাকৰ গর্ভত শিশুৰ বিকাশৰ ৭০% উন্নতি হয়।

4. ডিএইচএ সংক্রান্ত কোনো ক্লিনিকেল ৰিছার্ছ আছে নে?

আমেৰিকা, ইংলেন্ড, ইটালি, ডেনমার্ক ইত্যাদিৰ দৰে বহুতো দেশত গর্ভৱতী মহিলাৰ ডিএইচএ –অক লৈ গৱেষণা কৰি থাকে। এই গৱেষণাত এইটো প্রমাণিত হৈছে  যে এইটো গর্ভৱতী মহিলাসকলৰ বাবে ডিএইচএ-ৰ সম্পূর্ণভাবে নিৰাপদ আৰু এইটো শিশুৰ মস্তিষ্কৰ সর্বোত্তম উন্নয়নত সাহায্য কৰে।

5. নিউট্রিচার্জ ডিএইচএ –অত ডিএইচএ –অৰ  পৰিমাণ কিমান?

ক্লিনিকেল ৰিছার্ছ অনুসৰি, গর্ভৱতী মহিলাৰ নিতৌ ৪০০ এমজি ডিএইচএ প্রয়োজন। নিউট্রিচার্জ ডিএইচএ অৰ প্রতিটো নিৰামিষ কোমল কেপছুলত ৪০০ mg DHA  অন্তর্ভুক্ত।

6. কোনে নিউট্রিচার্জ ডিএইচএ লব লাগে?

গর্ভৱতী মহিলাসকলৰ দ্বাৰা নিউট্রিচার্জ ডিএইচএ গ্রহণ কৰা উচিত

7. ভ্রূণত এটা শিশুৱে কেনেকৈ ডিএইচএ পাব?

যেতিয়া মাকে নিউট্রিচার্জ ডিএইচএ খাব, তেতিয়া ডিএইচএ প্লেচেন্টাৰ মাধ্যমে শিশুৰ দেহা পাবগৈ।

8. গর্ভৱতী মহিলাসকলৰ বাদে আন কোনোবাই নিউট্রিচার্জ ডিএইচএ খাব পাৰেনে?

স্তন্যপান কৰোৱা নাইবা চিকিৎসাধীন হৈ থকা মহিলাই নিউট্রিচার্জ ডিএইচএ খোৱা উচিত।

9. নিউট্রিচার্জ ডিএইচএ কি গর্ভধাৰণৰ মাহৰ পৰাই খাব লাগে নে?

গর্ভধাৰণৰ আৰম্ভণিৰে পৰাই  নিউট্রিচার্জ ডিএইচএ খোৱা উচিত।

10. গর্ভাৱস্থাৰ আগৰ পৰাই নিউট্রিচার্জ ডিএইচএ  খোৱা আৰম্ভ কৰিব পৰা যায় নে?

হয় যায়, আনকি এটাও দিন নষ্ট নকৰাকৈ গর্ভাৱস্থাৰ পৰিকল্পনা কৰাৰ সময়ৰ পৰাই নিউট্রিচার্জ DHA খাব পাৰি।

11. গর্ভাৱস্থা পাৰ হৈ দুই-তিনি মাহ হৈ যোৱাৰ পিছতো যদি নিউট্রিচার্জ ডিএইচএ খোৱা আৰম্ভ কৰা নাই তেন্তে কি হ’ব

আপুনি নিজেই নিউট্রিচার্জ ডিএইচএ খোৱা আৰম্ভ কৰিব পাৰে। যিমান সোনকালে আপুনি এইটো খোৱা আৰম্ভ কৰিব সিমানেই আপুনাৰ পক্ষে ভাল হ’ব।

12. কিমান দিনলৈকে নিউট্রিচার্জ ডিএইচএ খাই যাব লাগে?

নিউট্রিচার্জ ডিএইচএ গর্ভাৱস্থাৰ সমগ্র সময়চোৱা আৰু স্তন্যপান কৰোৱাৰ সময়চোৱাত খোৱা উচিত।

13. দিনৰ কোনটো সময়ত নিউট্রিচার্জ ডিএইচএ খোৱা উচিত?

দিনৰ যিকোনো নিউট্রিচার্জ ডিএইচএ খাব পাৰে।

14. এদিনত কিমানটা নিউট্রিচার্জ ডিএইচএ কেপছুল খাব পাৰি?

নিতৌ মাথোন এটাকৈ নিউট্রিচার্জ ডিএইচএ খোৱা উচিত।

15. গর্ভৱতী মহিলাৰৰ বাবে নিউট্রিচার্জ ডিএইচএ –ৰ গোন্ধ কোন প্রভাব পেলাব পাৰেনে?

নিউট্রিচার্জ ডিএইচএ –ৰ কোনো গোন্ধ নাই। ইয়াৰ কাৰামেলৰ দৰে এক মিঠা গোন্ধ আছে যিটো সকলো গর্ভৱতী মহিলাই পছন্দ কৰিব।

16. নিউট্রিচার্জ ডিএইচএ –অৰ বাবে ডাক্তৰৰ প্রেছক্রিপচন লাগে নে?

নিউট্রিচার্জ ডিএইচএ  হ’ল আহাৰৰ এটা পৰিপূৰক। ইয়াৰ বাবে ডাক্তৰৰ প্রেছক্রিপচনৰ কোনো প্রয়োজন নাই।

17. নিউট্রিচার্জ অ’মেন টেবলেট আৰু নিউট্রিচার্জ স্ট্রবেৰি প্র’ডাইট, এই দুয়োটাই নিউট্রিচার্জ ডিএইচএ –ৰ সৈতে খাব পাৰি নে?

হয়, নিউট্রিচার্জ অ’মেন টেবলেট আৰু নিউট্রিচার্জ স্ট্রবেৰি প্র’ডাইট নিউট্রিচার্জ ডিএইচএ  –অৰ সৈতে খাব পাৰি।

18. নিউট্রিচার্জ ডিএইচএ-অত থকা নিৰামিষ ভিটামিন ডিএইচএ-অৰ উৎসটো কি?

নিউট্রিচার্জ ডিএইচএ -অত যিটো নিৰামিষভোজী ডিএইচএ আছে সেইটো সমুদ্রৰ উদ্ভিদৰ পৰা লোৱা হৈছে।

19. নিউট্রিচার্জ ডিএইচএ কেপছুলটোক কেনেকৈ নিৰামিষ বোলা যায়?

নিউট্রিচার্জ ডিএইচএ -অৰ নিৰামিষ কোমল কেপছুল কাৰজেনান নামৰ নিৰামিষ উপাদানৰ পৰা তৈয়াৰ হয়।

20. গর্ভৱতী মহিলাৰ বাবে  নিউট্রিচার্জ ডিএইচএ নিৰাপদ নে?

নিউট্রিচার্জ ডিএইচএ গর্ভৱতী মহিলাৰ বাবে সম্পূর্ণ নিৰাপদ। এইটো মাথোন তাৰ পৰাই তৈয়াৰ হৈছে।

21. নিউট্রিচার্জ ডিএইচএ –অৰ এটা পেকত কিমানটা কেপছুল থাকে?

প্রত্যেকটো  পেকত ৩০টা কেপছুল থাকে নিউট্রিচার্জ ডিএইচএ (প্রতি ২টা স্ট্রিপত ১৫ টা কেপছুল থাকে) যিটো সম্পূর্ণ মাহৰ বাবে যথেষ্ট।

নিউট্রিচার্জ  মেন সম্পর্কে কিছুমান প্রশ্ন

1. নিউট্রিচার্জ  মেন টেবলেট কি?

নিউট্রিচার্জ  মেন এক সামূহিক পুষ্টিকৰ সম্পূৰক যিটো ৩৫টা ভিটামিন, খনিজ পদার্থ, এমিনো এছিড আৰু এন্টিঅক্সিডেন্ট সৰবৰাহ কৰে যিটো মতা মানুহৰ দৈনিক পুষ্টিৰ প্রয়োজন পূৰণ কৰাত সাহায্য কৰে, আৰু এক সুষম পুষ্টিৰ মাধ্যমে তেওঁলোকক সুস্থ ৰাখে।

2. নিউট্রিচার্জ  টেবলেট নিৰামিষভোজিয়ে খাব পাৰেনে?

হয়,  যিহেতু ইয়াত পশুৰ (অ-নিৰামিষ) কোনো উৎস নাই।

3. নিতৌ নিউট্রিচার্জ  মেন টেবলেট খোৱাৰ উপকাৰীতা কি?

আজিৰ যুগৰ আধুনিক জীৱনধাৰা মতে,ফাস্ট ফুড, ভাৰসাম্যহীন খাদ্য আৰু বেয়া মানৰ  শোষণ ক্ষমতাৰ ফলত, প্রয়োজনীয় পৰিমাণে সকলো মাইক্রোনিউট্রিয়েন্ট পোৱাটো বহুত টান। এই মাইক্রোনিউট্রিয়েন্টেৰ অভাবৰ ফলত শক্তি ক্ষয় হয়, ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়, পেশী দুর্বল হয়, হাড় আৰু দাঁত ইত্যাদি দূষিত হব পাৰে। নিউট্রিচার্জ মেনত আছে পুষ্টিৰ অভাব প্রতিৰোধত প্রয়োজনীয় পৰিমাণে পুষ্টিকৰ উপাদান, যিটোয়ে আটাইতকৈ গুৰুত্বপূর্ণ পুষ্টি সৰবৰাহ কৰে, বিভিন্ন অঙ্গৰ কামকাজ আৰু গঠন অটূট ৰাখিবলৈ সাহায্য কৰে  আৰু কার্ডিওভাচকুলাৰ স্বাস্থ্য আৰু ডায়াবেটিছৰ বাবে জন্য উপকাৰী ।

4. নিউট্রিচার্জ  মেন টেবলেটৰ কিবা পার্শ্ব প্রতিক্রিয়া আছে নে?

নিউট্রিচার্জ  মেন সৰহভাগ মানুহক আহাৰৰ পিছত খোৱাটোহে ডাক্তৰে অনুমোদন কৰে। কেতিয়াবাহে এইটো খোৱাৰ ফলত বমি, আৰু পেটত আমনিয়ে দেখা দিব পাৰে।

5. মই এজন ডায়াবেটিক ৰোগী, মই বাৰু নিউট্রিচার্জ  মেন খাব পাৰোনে?

হয়, আপুনি নিউট্রিচার্জ মেন খাব পাৰে যিহেতু এইটো ডায়াবেটিক বেমাৰীৰ পক্ষে হানিকাৰক নহয়। ডায়াবেটিছৰ বাবে ক্রোমিয়াম, ভেনডিয়াম আৰু জিংকৰ দৰে খনিজ পদার্থবোৰ সহায়ক হব পাৰে। গ্রীন টি-ৰ পৰা নিয়া নির্যাসটোয়ে চর্বি নষ্ট কৰাৰ ক্ষেত্রত সহায়ক, ভিটামিন এ আৰু অন্যান্য এন্টিঅক্সিডেন্টবোৰ অনাক্রম্যতা বঢ়াব পাৰে আৰু চকুৰ ক্ষতি ৰোধ কৰিব পাৰে। যিনহওক যদি আপুনি ইতিমধ্যেই ভিটামিন-খনিজ সম্পূৰক খাইছে, তেন্তে আপুনাৰ ডাক্তৰৰ সৈতে পৰামর্শ কৰক।

6. কোনে এই উপাদানটো ব্যৱহাৰ কৰা উচিত?

নিউট্রিচার্জ মেন ১৪ বছৰ বয়সৰ ওপৰৰ ল’ৰা আৰু বয়সীয়াল মতা মানুহে খাব পাৰে।

7. নিতৌ মই নিউট্রিচার্জ  মেন কেনেকৈ আৰু দিনত কেইটাকৈ টেবলেট খাব পাৰো?

নিতৌ এটা নিউট্রিচার্জ টেবলেট ব্রেকফাস্ট  নাইবা লাঞ্চৰ পিছত এক গিলাচ গাখীৰৰ সৈতে খাওক।

8. নিউট্রিচার্জ খোৱাৰ বাবে মোৰ ডাক্তৰৰ প্রেছক্রিপচন লাগে নে?

এটা খাদ্যতালিকাগত সম্পূৰক হোৱাৰ বাবে, নিউট্রিচার্জ মেন  আপুনি নিজে খাব পাৰে, যিনহওক যদি প্রয়োজন হয়, তেন্তে আপুনি আপুনাৰ ডাক্তৰৰ সৈতে পৰামর্শ কৰিব পাৰে।

9. কিছু সময়ের বাবে ব্যৱহাৰ কৰিলে মোৰ ওজন কম হবে নে?

এক পুষ্টিকৰ সম্পূৰক হোৱাৰ বাবে নিউট্রিচার্জ মেন বিশেষভাবে ডায়াবেটিছৰ অভাব পূৰণ কৰে আৰু ওজন বাঢ়িব নিদিয়ে। গ্রীন টি-ৰ নির্যাস দেহাৰ চর্বি কম কৰিবলৈ সাহায্য কৰে।

10. নিউট্রিচার্জ মেন এটা ঔষধ নে?

নিউট্রিচার্জ মেন টেবলেট কোনো ঔষধ নহয়। এইটো এটা বি কমপ্লেক্স সহ ডেইলি নিউট্রিশ্বন চাপ্লিমেন্ট, ইয়াৰ লগতে আছে অয়ান্য ভিটামিন, মিনাৰেলচ আৰু এমিনো এছিড।

11. কিমান দিনলৈ এইটো খাব লাগে?

নিতৌ এটাকৈ নিউট্রিচার্জ মেন টেবলেট বহুত দিনলৈকে খাব লাগে।

12. বহুত দিনলৈকে খাই গ’লে মোৰবাৰু ইয়াৰপ্রতি আসক্তি উপজিব নে?

নিউট্রিচার্জ মেন টেবলেট হ’ল এটা নন-হেবিট গঠন ব্যৱস্থা আৰু আপুনি আপুনাৰ পছন্দ অনুসৰি সর্বাধিক উপকাৰীতা লাভ কৰিব পাৰে, কিন্তু সর্বাধিক উপকাৰ পাবৰ বাবে ইয়াক দীর্ঘ সময়লৈকে খোৱাৰ পৰামর্শ দিয়া হয়।

13. নিউট্রিচার্জ মে খোৱাৰ আগতে মোৰ বাৰু ডাক্তৰৰ সৈতে পৰামর্শ কৰি লোৱা উচিত হব নে?

এটা ডেইলী হেলথ চাপ্লিমেন্ট হিচাবে নিউট্রিচার্জ মেন টেবলেট খোৱাৰ বা বে ডাক্তৰৰ কোনো প্রেছক্রিপশ্বনৰ প্রয়োজন নাই। বিশ্বব্যাপী, স্বাস্থ্য / ডেন্টাল চাপ্লিমেন্টচবোৰ প্রেছক্রিপশ্বন অবিহনেই বিক্রি হয়। ভাৰতত মানুহে সুস্থতা সম্পর্কিত উপাদানবোৰৰ অসাধাৰণ সম্ভাব্য উপকাৰীতাবিলাক উপলব্ধি কৰিছে আৰু নিউট্রিচার্জ মেন হ’ল এটা অধিক উচ্চ মানৰ সম্পূৰক।

14. নিউট্রিচার্জ মেন –অৰ কোনো ট্রায়াল পেক আছেনে?

নিউট্রিচার্জ মেন টেবলেটৰ পেক ৩০ টকাত পোৱা যায়। ৩৫০ / – আৰু এইটো সম্পূর্ণ মাহৰ বাবে।

15. আমি ইতিমধ্যে এক নির্দিষ্ট ডায়েত প্লেন মানি চলিছো। মই বাৰু নিউট্রিচার্জ  খাব পাৰিম নে?

যদি আপুনি বিশেষ খাদ্যভ্যাস বা ডায়েটিংত আছে তেন্তে নিউট্রিচার্জ মেন উপকাৰী হব পাৰে কাৰ এইটো মূল্যবান ভিটামিন, মিনাৰেলচ আৰু এমিনো এছিড সৰবৰাহ কৰে যিটো হয়তো আপুনি আপুনাৰ কঠোৰভাবে মানি চলা খাদ্যৰ পৰা নেপাবও পাৰে।

নিউট্রিচার্জ  অ’মেন নেভিগেশ্বন সম্পর্কে কিছুমান প্রশ্ন

1. নিউট্রিচার্জ  অ’মেন খোৱাৰ উপকাৰীতাবোৰ কি কি?

নিউট্রিচার্জ অ’মেন টেবলেটত মহিলাসকলৰ বাবে আছে ফাইটোনিউট্রিয়েন্টচ সহ ১৪টা বিৰল ফলৰ নির্যাসৰ পৰা পোৱা ৫৩ বিধ উপকাৰী পুষ্টি উপাদান যিবোৰে মহিলাৰ স্বাস্থ্যৰ উন্নয়নত সহায়তা কৰে আৰু যুৱাবস্থা অটূট ৰাখে। ইয়াত আছে ৬টা বিশেষ পুষ্টি যিবোৰে মহিলাসকলক তেওঁলোকৰ জীৱনৰ বিভিন্ন পর্যায়ৰ স্বাস্থ্য সমস্যা আতঁৰ কৰে। আনকি এইটোয়ে ৩৩টা মূল ভিটামিন, মিনাৰেলচ এন্টিঅক্সিডেন্টচ আৰু এমিনো এছিড সহ তেওঁলোকৰ নিতৌ চাহিদাখিনি পূৰণ কৰি সুস্থ ৰাখিবলৈ সাহায্য কৰে।

2. নিৰামিষভোজী সকলে নিউট্রিচার্জ  অ’মেন টেবলেট খাব পাৰে নে?

হয়, নিৰামিষভোজী সকলে এইটো খাব পাৰে, যিহেতু অ’মেন টেবলেটত পশুৰ কোনো উপাদান নেথাকে (নন-ভেজিটেৰিয়ান)।

3. নিউট্রিচার্জ  অ’মেনৰ কোনো পার্শ্ব প্রতিক্রিয়া আছে নে?

সৰহভাগ মহিলাৰ ক্ষেত্রতেই নিউট্রিচার্জ টেবলেটটো আহাৰৰ পিছত খালেই বেছি ভাল উপকাৰ পায়।  কদাচিৎহে ইয়াৰ ফলত গা ৰাইজাই কৰে, বমি হয়, কোষ্ঠকাঠিন্য হয়, ডায়েৰিয়া হয় নাইবা পেটৰ বিষ হোৱা দেখিবলৈ পোৱা যায়।

4. মই এজন ডায়াবেটিক ৰোগী মই বাৰু নিউট্রিচার্জ অ’মেন টেবলেট খাব পাৰিম নে?

নিউট্রিচার্জ অ’মেন টেবলেট ডায়াবেটিক ৰোগীৰ বাবে সম্ভাব্য উপকাৰী। ক্রোমিয়াম আৰু ভেনডিয়ামৰ দৰে খনিজ পদার্থই দেহাত শর্কৰাৰ ব্যৱহাৰ উন্নত কৰিব পাৰে, গ্রীন টি-ৰ নির্যাসে দেহাৰ চর্বি নষ্ট কৰিবলৈ সাহায্য কৰে, আনফালে ভিটামিন এ, জিংক, আৰু অন্যান্য এন্টিওক্সিডেন্টচ নিউট্রিয়েন্টচে চকুৰ ক্ষতি ৰোধ কৰে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। আপুনি আপুনাৰ ডাক্তৰৰ সৈতে পৰামর্শ কৰিব পাৰে।

5. নিউট্রিচার্জ অ’মেন টেবলেট কোনে  খাব পাৰে?

১৪ বছৰৰ বেছি বয়সৰ ছোৱালী আৰু মহিলাই খাব পাৰে।

6. নিউট্রিচার্জ অ’মেন টেবলেটৰ বাবে মোৰ বাৰু ডাক্তৰৰ প্রেছক্রিপশ্বন লাগিব নে?

স্বাস্থ্য পৰিপূৰক হোৱাৰবাবে নিউট্রিচার্জ অ’মেন টেবলেট ডাক্তৰৰ প্রেছক্রিপশ্বন নোহোৱাকৈয়েই খাব পাৰি, আৰু যদিহে ইয়াৰ প্রয়োজন আছে বুলি ভাবে তেন্তে আপুনি ডাক্তৰৰ সোপীতেও আলোচনা কৰিব পাৰে।

7. বহুত দিনলৈ নিউট্রিচার্জ অ’মেন টেবলেট খালে মোৰ ওজন কমিব নাইবা বাঢ়িব নে?

নিউট্রিচার্জ অ’মেন হ’ল এটা হেলথ,‌ চাপ্লিমেন্টচ, এইটো খালে আহাৰৰ পৰা নোপোৱা পুষ্টিকাৰক উপাদানৰ শূন্যস্থান পূৰণ হয়, ফলত ছোৱালী আৰু মহিলাৰ দেহা ফিট ৰাখে আৰু বিপাক ক্রিয়া উন্নত হয়।  ইয়াত শৰীৰৰ ওজন প্রভাবিত কৰিব পৰা কোনো বিশেষ উপাদান নাই। গ্রীন টি-ৰ নির্যাস দেহাৰ চর্বি কম কৰিবলৈ সাহায্য কৰে।

8. নিউট্রিচার্জ অ’মেন এটা ঔষধ নে?

নিউট্রিচার্জ অ’মেন টেবলেট কোনো ঔষধ নহয়। এইটো মহিলাসকলৰ বাবে সম্ভাব্য উপকাৰী বোটানিকেলচ (ফায়োট্রুট্রেটচ), উপযোগী দুর্লভ পুষ্টি, খনিজ পদার্থ, এমিনো এছিড, বি-কমপ্লেক্স আৰু অন্যান্য ভিটামিন সহ এটা স্বাস্থ্য সম্পূৰক।

9. কিমান দিনলৈকে নিউট্রিচার্জ অ’মেন টেবলেট খাই যাব লাগে?

নিউট্রিচার্জ অ’মেন-ৰ এটা টেবলেট এগিলাচ পানীৰ সৈতে ব্রেকফাস্ট বা দুপুৰীয়াৰ আহাৰৰ পিছত খাব লাগে।

নিউট্রিচার্জ প্র’ডায়েট সম্পর্কে কিছুমান প্রশ্ন

প্রশ্ন 1 – নিউট্রিচার্জ প্র’ডায়েট কিমান দিনলৈকে খাব লাগে?

প্রাপ্তবয়স্ক আৰু শিশুৰ একেই পৰিমাণে লাগে। শাৰীৰিক বৃদ্ধি, শাৰীৰিক মেৰামত আৰু কোষৰ ৰক্ষণাবেক্ষণৰ বাবে নিতৌ ১গ্রাম/কেজি প্র’টিনৰ প্রয়োজন।  এক চমৎকাৰ নিউট্রিচার্জ প্র’ডায়েট হোৱাৰ বাবে আমাৰ দেহাৰ প্র’টিনৰ অভাব পূৰণ কৰিবৰ বাবে আমি নিয়মিতভাবে প্র’টিন খাব পাৰো।  আনকি ইউ এচ ফুড এন্ড ড্রাগ এডমিনিস্ট্রেশ্বন (ইউএচএফডিএ) নিশ্চিত কৰিছে যে প্রতিদিন কম চর্বিযুক্ত ২৫ গ্রাম ছ’য়া প্র’টিন হৃদয়ৰ বেমাৰৰ বিৰুদ্ধে সুৰক্ষা দিয়ে।

প্রশ্ন 2 – যদি মই যথেষ্ট পৰিমাণে ফল , সাক পাচলি আৰু শস্য খাওঁ, তথাপিও নিউট্রিচার্জ প্র’ডায়েট খালে উপকাৰ হ’ব নে?

ফল, শাক পাচলি আৰু শস্য আমাক কিছুমান প্র’টিন সৰবৰাহ কৰে, কিন্তু যেতিয়ালৈকে আমি দৈনিক প্রচুৰ পৰিমাণে দাইল, বাদাম, সৰিয়হ আৰু গাখীৰজাতীয় বিভিন্ন ধৰণৰ আহাৰ নেখাওঁ, আমি সহজে হজম যোগ্য প্রয়োজনীয় এমিনো এছিড নেপাব পাৰো। আমাৰ ভিতৰত কিছুমান মানুহৰ শাকপাচলি প্র’টিন হজম কৰাত সমস্যা হয়। নিউট্রিচার্জ প্র’ডায়েট উচ্চমানৰ ছ’য়া প্র’টিন সৰবৰাহ কৰে যিটো সহজেই হজমযোগ্য, হৃদস্পন্দনযোগ্য, সম্পূর্ণ প্র’টিন আৰু আমাৰ সামগ্রিক স্বাস্থ্যৰ বাবে ভাল হ’ব পাৰে। আমি নিউট্রিচার্জ প্র’ডায়েটৰ পৰা সুষম পৰিমাণে অপৰিহার্য এমিনো এছিডবিলাক পাব পাৰি।

প্রশ্ন 3 – মই ভাগৰি গৈছো আৰু বৰ আমনি লাগিছে। নিউট্রিচার্জ প্র’ডায়েট এই ক্ষেত্রত মোৰ সাহায্য হব নে?

প্র’টিনৰ অভাব বিভিন্ন অঙ্গই দুর্বল কৰে, টিচু মেৰামত আৰু ৰক্ষণাবেক্ষণ প্রতিৰোধ আৰু অনাক্রম্যতা হ্রাস কৰে। নিউট্রিচার্জ প্র’ডায়েট উচ্চ মানৰ শুদ্ধ আৰু প্রক্রিয়াকৃত ছ’য়া প্র’টিন প্রদান কৰে যিটো শাৰীৰিক শক্তি বৃদ্ধিত সহায়তা কৰে আৰু অনাক্রম্যতা বৃদ্ধি কৰে। সকলো প্রধান খনিজ আৰু ভিটামিন পোৱাৰ বাবে বয়সীয়াল সকলৰ প্রতিদিন নিউট্রিচার্জ মেন / অ’মেন খাব লাগে।

Q. 4 – নিউট্রিচার্জ প্র’ডায়েটৰ কোনো পার্শ্ব প্রতিক্রিয়া আছে নে?

আমি মুঠ প্র’টিনৰ উপাদান হিচাবে এক সুষম পৰিমাণে পুষ্টিকৰ উপাদান গ্রহণ কৰা উচিত। নিউট্রিচার্জ প্র’ডায়েটৰ অনুমোদিত মাত্রাত গ্রহণ উচিত কিন্তু অতিৰিক্ত পৰিমাণে গ্রহণ কৰিলে ফ্ল্যাটুলেন্স (গেছ) হ’ব পাৰে। কিডনি ৰোগীসকলৰ নিউট্রিচার্জ প্র’ডায়েট খোৱাৰ আগত তেওঁলোকে ডাক্তৰৰ সৈতে পৰামর্শ কৰা উচিত। গাঠিৰ সমস্যাত কষ্ট পোৱা মানুহৰ বাবে নিউট্রিচার্জ প্র’ডায়েট খোৱা উচিত নহয়।

Q. 5 – মই আন আন ঔষধও খাই আছো গতিকে মই বাৰু নিউট্রিচার্জ  প্র’ডায়েট খাব পাৰো নে?

নিউট্রিচার্জ  প্র’ডায়েট এটা স্বাস্থ্য সম্পূৰক হোৱাৰ বাবে আনকি সাধাৰণ বেমাৰত কষ্ট পোৱা মানুহেও খাব পাৰে। যিনহওক, লিভাৰ আৰু কিডনিৰ ৰোগী আৰু অন্যান্য জটিল ৰোগীয়ে তেওঁলোকৰ ডাক্তৰৰ সৈতে পৰামর্শ কৰি লোৱা উচিত। গাঠিৰ বিষত নিউট্রিচার্জ প্র’ডায়েট খোৱা উচিত নহয়।

Q. 6 – হার্টৰ সমস্যাৰ লগতে মই এজন ডায়াবেটিক ৰোগী, মই বাৰু নিউট্রিচার্জ প্র’ডায়েট খাব পাৰো নে?

নিউট্রিচার্জ প্র’ডায়েট ছ’য়া প্র’টিন ব্লাড চুগাৰৰ লেভেল আৰু তেজত  কোলেস্টেৰলৰ মাত্রা ঠিক কৰাত সহায়তা কৰে। আনকি নিউট্রিচার্জ প্র’ডায়েটত অতিৰিক্ত শর্কৰা আৰু চর্বি নাই। ইয়াত ডায়াবেটিকচত উপকাৰী, মল্টোডাইটেস্ট্রিন প্রতিৰোধী (ডায়েটাৰী ফাইবাৰ) আছে। যিনহওক বেমাৰীসকলৰ পক্ষে ডাক্তৰৰ সৈতে পৰামর্শ কৰি লোৱা উচিত।

প্রশ্ন 7 – মই বাৰু শিশু আৰু বয়সীয়াল সকলক সেইটো দিব পাৰো নে?

শিশু আৰু বয়সীয়াল মানুহে নিউট্রিচার্জ প্র’ডায়েট খাব পাৰে। লৰা-ছোৱালীৰ  প্রবৃদ্ধি আৰু শাৰীৰিক বিকাশৰ বাবে প্রয়োজনীয় সম্পূর্ণ প্র’টিনৰ  আৰু সকলো অপৰিহার্য এমিনো এছিড পাব পাৰে। বয়সীয়াল সকলে সহজেই পুষ্টিকৰ খাদ্য প্র’টিনৰ পৰা সম্পূর্ণ প্র’টিন হজম কৰিব পাৰে আৰু স্বাস্থ্যবান হ’ব পাৰে। নিউট্রিচার্জ প্র’ডায়েট ফাইবাৰ হজম ক্রিয়াৰ উন্নতি কৰে।

প্রশ্ন 8 – গর্ভৱতী মহিলা আৰু স্তন্যপান কৰোৱা মহিলাক নিউট্রিচার্জ প্র’ডায়েট খোৱালে কি লাভ হয়?

গর্ভৱতী ও আৰু স্তন্যপান কৰোৱা মহিলাক নিউট্রিচার্জ প্র’ডায়েট খোৱালে দেহাত প্র’টিনৰ মাত্রা উল্লেখযোগ্যভাবে বৃদ্ধি পায়।  তেওঁলোকে মাথোন ডাক্তৰৰ সৈতে পৰামর্শ কৰিহে নিউট্রিচার্জ প্র’ডায়েট খাব লাগে, এইটো আয়ৰন, ফলিক এছিড আৰু কেলচিয়াম বাদেও উচ্চমানৰ প্র’টিন ধাৰণকাৰী এটা চমৎকাৰ সম্পূৰক। সম্পূর্ণ প্র’টিন মা আৰু শিশু উভয়ৰ ক্ষেত্রতেই বেমাৰ প্রতিৰোধত সহায়তা কৰে আৰু শিশুটিৰ যথাযথ বিকাশত সাহায্য কৰে।

প্রশ্ন 9 – নিউট্রিচার্জ প্র’ডায়েট বাৰু নিৰামিষভোজীসকলে খাব পাৰেনে?

হয়, নিৰামিষাশীসকলে এইটো খাব পাৰে যিহেতু নিউট্রিচার্জ প্র’ডায়েটত পশু (নন-ভেজিটেৰিয়ান)উৎসৰ কোনো উপাদান নাই।

Q.10. নিউট্রিচার্জ প্র’ডায়েট কেনেকৈ আৰু কিমানটা ডোজত মই খাব লাগে?

প্রাপ্তবয়সীয়াল মতা আৰু মাইকী মানুহে ২ টা সম্পূর্ন পৰিমাপ (প্রতিটো ২০ গ্রাম) নিউট্রিচার্জ প্র’ডায়েট  খাব পাৰে, আনহাতে শিশুৰ বাবে দৈনিক ১টা পৰিমাপ লব লাগে। নিউট্রিচার্জ প্র’ডায়েট পাউডাৰ চেঁচা পানী বা গাখীৰৰ শ্বেকাৰ নাইবা মিক্সাৰত মিহলাই খাব লাগে। সোৱাদৰ বাবে চেনি বা মিঠা মিহলাই লব লাগে। ইয়াৰ পিছত পৰিমিত পৰিমাণে গাখীৰ আৰু পানী মিহলাই এটা মিশ্রণ তৈয়াৰ কৰি পি যাওক।

নিউট্রিচার্জ এচএণ্ডএফ সম্পর্কে প্রশ্নবিলাক

প্রশ্ন 1 – নিউট্রিচার্জ এচএণ্ডএফ কি?

নিউট্রিচার্জ এচএণ্ডএফ এক পুষ্টিকৰ সম্পূৰক যিটো দেহাৰ চর্বি কমোৱাত কার্যকৰ।

প্রশ্ন 2 –  মোৰ দেহা সম্পূর্ণ ফিটা, মোক কিয় নিউট্রিচার্জ এচএণ্ডএফ  খাব লাগে?

এটা স্বাভাবিক দেহাতও শৰিৰৰ চর্বি থাকে, যিটো মাথোন শৰীৰৰ স্কেনাৰৰ সাহায্যতেই জনা যায়। নিজকে এটা বডি স্কেনাৰৰ সাহায্যে পৰীক্ষা কৰাই লওক। যদি শৰীৰৰ চর্বি মতা মানুহৰ ক্ষেত্রত ২৫% আৰু তিৰোতাৰ ক্ষেত্রত ৩০% -অৰবেছি হয়, তেন্তে এর বেশি হয় নিউট্রিচার্জ এচএণ্ডএফ   খোৱা আৰম্ভ কৰি দিয়া উচিত।

প্রশ্ন 3 –  ওজন কমোৱাৰ প্রক্রিয়াৰ সময়চোৱাত পেশী ৰক্ষা কৰাটো গুৰুত্বপূর্ণ কিয়?

কাৰণ পেশীৰ ক্ষতি হ’লে দুর্বলতা বাঢ়ে।

প্রশ্ন 4 – নিউট্রিচার্জ এচএণ্ডএফ যথেষ্ট দামী?

অনুগ্রহ কৰি এইটোয়ে আগবঢ়োৱা অর্থৰ মূল্য বুজক। শৰীৰৰ অতিৰিক্ত চর্বিৰ বাবে হৃদৰোগ, ডায়াবেটিছ, আঁঠুৰ বিষ ইত্যাদিৰ দৰে  ভবিষ্যত সাংঘাতিক অসুস্থতা হব  পাৰে। এইবোৰ বেমাৰৰ চিকিৎসাৰ খৰচ কেইবা লাখো হ’ব পাৰে। যদি আপনি নিউট্রিচার্জ এচএণ্ডএফ অৰ সাহায্যে আপুনাৰ শৰীৰৰ চর্বি কমাব পাৰে, তেতিয়া হ’লে আপুনি মাথোন এই সাংঘাতিক বেমাৰবোৰৰ পৰা মাথোন নিজকে ৰক্ষা নকৰিব, লগতে ইয়াৰ  বিপুল ব্যয়ৰ পৰাও হাত সাৰিব।

প্রশ্ন 5 – নিউট্রিচার্জ প্র’ডায়েট বাৰু নিউট্রিচার্জ এচএণ্ডএফ –অৰ সৈতে খাব পাৰিনে?

নিউট্রিচার্জ এচএণ্ডএফ ডিনাৰৰ সলনি খোৱা উচিত। প্রতিদিন পূৱা নিউট্রিচার্জ মেন আৰু নিউট্রিচার্জ প্র’ডায়েট নাইবা নিউট্রিচার্জ  অ’মেন আৰু নিউট্রিচার্জ স্ট্রবেৰী প্র’ডায়েট খোৱাটো অতিশয় উপকাৰী।

প্রশ্ন 6 – নিউট্রিচার্জ এচএণ্ডএফ কনটো সময় খোৱা উচিত?

নিউট্রিচার্জ এচএণ্ডএফ আহাৰৰ সলনি খাব পাৰি। এইটো ডিনাৰৰ সলনি খাব লাগে।

প্রশ্ন 7 – নিউট্রিচার্জ এচএণ্ডএফ কিমান দিনলৈকে খাব লাগে?

নিউট্রিচার্জ এচএণ্ডএফ সেই সময়লৈকে খাব লাগে যেতিয়ালৈকে বডি স্কেনাৰে মতা মানুহৰ ক্ষেত্রত ২০% আৰু মহিলাৰ বাবে ২৫% কম চর্বি দেখায়।

প্রশ্ন 8 – চর্বি কমাবলৈ কেনেকৈ নিউট্রিচার্জ এচএণ্ডএফ  আমাৰ দেহাক সহায় কৰে?

শৰীৰৰ চর্বি হ্রাসকাৰী উপাদান থকাৰ বাবে নিউট্রিচার্জ এচএণ্ডএফ আমাৰশৰীৰৰ চর্বি হ্রাস কৰাত সহায়তা কৰে।

প্রশ্ন 9 – বজাৰত উপলব্ধ আন আন ওজন হ্রাসকাৰী প্র’ডাক্টতকৈ নিউট্রিচার্জ এচএণ্ডএফ কেনেকৈ বেছি ভাল?

নিউট্রিচার্জ এচএণ্ডএফ –অত আছে চর্বি কম কৰাৰ উপাদান আৰু সর্বোত্তম মানৰ প্র’টিন।

প্রঃ 10 –নিউট্রিচার্জ এচএণ্ডএফ –অত কিয়  প্র’টিন যুক্ত কৰা হয়?

নিউট্রিচার্জ এচএণ্ডএফ –অত থকা প্র’টিন পেশী সংৰক্ষণ কৰে আৰু দেহত নতুন চর্বি জমা হব নিদিয়ে।

প্রশ্ন 11 – নিউট্রিচার্জ এচএণ্ডএফ –অত কিমানটা আৰু কোন প্রকাৰৰ চর্বি কমোৱাৰ উপাদান আছে?

নিউট্রিচার্জ এচএণ্ডএফ অত তিনিটা চর্বি কমোৱাৰ উপাদান আছে। সেইবোৰ হ’ল: গার্চিয়া কাম্বোজিয়া, চিএলএ আৰু গ্রিন কফি বীজৰ নির্যাস।

প্রশ্ন 12 – নিউট্রিচার্জ এচএণ্ডএফ অত থকা গ্রিণ কফি বিন নির্যাসৰ বিশেষত্ব কি?

নিউট্রিচার্জ এচএণ্ডএফ – অত ব্যৱহৃত গ্রীন কফি বিনত আছে Svetol যিটো চিকিৎসাগতভাবে প্রমাণিত হৈছে।

প্রঃ.13 – গ্রীন কফি বিন কেনেকৈ শৰীৰৰ চর্বি হ্রাস কৰে?

এইটোয়ে শৰীৰত ইতিমধ্যে জমা চর্বি হ্রাস কৰে।

প্রশ্ন 14 – ৰাতি গ্রীন কফি বিন খালে মই টোপনি যাব নোৱাৰিম।

নিউট্রিচার্জ এচএণ্ডএফ -অত গ্রীন  কফি বিন নির্যাসক ডেকেফিনেটেড কৰা হয়। এইটো খালে ৰাতি কোনোভাবেই টোপনিৰ ক্ষতি নহয়।

প্রশ্ন 15 – নিউট্রিচার্জ এচএণ্ডএফ –অত কোনটো চিএলএ দিয়া হয়?

নিউট্রিচার্জ এচএণ্ডএফ –অত টনালিন চিএএলএ (ইতালিৰ পৰা) মিহলোৱা হয়।

প্রশ্ন 16 – এই চিএলএ ক্লিনিকেলী প্রমাণিত হৈছে নে?

হয়, শৰীৰৰ চর্বি হ্রাস কৰাৰ বাবে এই চিএলএ ক্লিনিকেলী প্রমাণিত হৈছে।

প্রশ্ন 17 – শৰীৰৰ চর্বি কমাবলৈ কেনেকৈ চিএলএ সাহায্য কৰে?

চিএলএ শৰীৰৰ চর্বি কোষৰ সংখ্যা কমাই দিয়ে। এইটোয়ে দেহ কোষত জমা চর্বি কমাই দিয়ে।

প্র .18 – গার্চিয়া কাম্বোজিয়া শৰীৰৰ চর্বি হ্রাস কৰাত কেনেকৈ সাহায্য কৰে?

গার্চিয়া কাম্বোজিয়া জমি থকা পুৰণা চর্বি হ্রাস আৰু শৰীৰত নতুন চর্বি জমিব নিদিয়ে।

প্রশ্ন 19 – নিউট্রিচার্জ এচএণ্ডএফ ক্লিনিকেলী প্রমাণিত হোৱাৰ গুৰুত্ব কী?

ইয়াৰ অর্থ হ’ল যে চৰকাৰৰ দ্বাৰা স্বীকৃত বিশেষজ্ঞসকলৰ নৈতিক কমিটিয়ে চার্টিফাইদ কৰিছে যে এই উপাদানটো শৰীৰৰ চর্বি কমোৱাৰ দিশাত বৈজ্ঞানিকভাবে প্রমাণিত হৈছে। এইটো প্রমাণ কৰে যে এই উপাদানটো ব্যৱহাৰ কৰাটো সম্পূর্ণভাবে নিৰাপদ।

প্রশ্ন 20 – নিউট্রিচার্জ এচএণ্ডএফ -অত কিমান ধৰণৰ প্র’টিন আছে?

নিউট্রিচার্জ এচএণ্ডএফ –অত আইছ’লেটেড ছ’য়া প্র’টিন আৰু হুৱে প্র’টিন আছে।

প্রশ্ন 21 – প্রতিটো ছেছেত কিমানখিনি প্র’টিন আছে?

প্রতিটো ছেছেত ১৫ গ্রাম প্র’টিন আছে।

প্রশ্ন 22 – এই প্র’টিনটো ক’ৰপৰা পোৱা যায়?

এই প্রোটিন আমেৰিকাৰ Dupont নামৰ ঠাইৰ পৰা অনা হৈছে।

প্রশ্ন 23 – নিউট্রিচার্জ এচএণ্ডএফ খোৱাৰ সময়ত আমাৰ আহাৰৰ প্রতি মনোযোগ দিয়াটো উচিত নে?

নিউট্রিচার্জ এচএণ্ডএফ খোৱাৰ সময়ত ৰাতিৰ আহাৰ খোৱাটো উচিত নহয়।  গোটেই দিনটোত ১৫০০ কেল’ৰি খোৱা উচিত আৰু চর্বিযুক্ত আহাৰ খোৱা এৰাই চলা উচিত। পুষ্টি  বিজ্ঞানৰ কিতাপত দিয়া ডায়েট প্লেনটো আপুনি মানি চলিব পাৰে।

প্রশ্ন 24 – নিউট্রিচার্জ এচএণ্ডএফ খাই থাকোতে ব্যায়াম কৰাটো লাগতিয়াল নে?

হয়, নিউট্রিচার্জ এচএণ্ডএফ খাই থাকোতে  ব্যায়াম কৰা (৬০০০ বাৰ খোঁজকঢ়া আৰু ২৫০ টা চিৰি বগাই উঠা) লাগতিয়াল।

প্রশ্ন 25 – যদি কোন ব্যক্তিৰ ডায়বেটিছ হয় তেন্তে তেওঁ বাৰু নিউট্রিচার্জ এচএণ্ডএফ খাব পাৰিব নে?

যদি কাৰোবাৰ ডায়বেটিছ হয়, তেন্তে প্রথমতে নিউট্রিচার্জ গ্লাইচেম টেবলেট, নিউট্রিচার্জ গ্লাচেম প্র’ডায়েট আৰু ডাক্তৰে দিয়া ঔষধৰ সহায়ত ইয়াক কম কৰক।  তাৰ পিছত, তেখেতৰ শৰীৰৰ চৰ্বি হ্ৰাস কৰিবলৈ অনুগ্রহ কৰি নিউট্রিচার্জ এচএণ্ডএফ দিয়া উচিত।

প্রশ্ন 26 – কিমান বয়সত নিউট্রিচার্জ এচএণ্ডএফ  খোৱাটো আৰম্ভ কৰা যায়?

নিউট্রিচার্জ এচএণ্ডএফ ১৪ বছৰ বয়সৰ পৰা খোৱা আৰম্ভ কৰা যায়।

প্রশ্ন 27- নিউট্রিচার্জ এচএণ্ডএফ খোৱাৰ পিছতো যদি ৰাতি আপোনাৰ ভোক লাগে তেন্তে আপুনি কি কৰিব?

নিউট্রিচার্জ এচএণ্ডএফ খোৱাৰ পিছতো যদি আপোনাৰ ভোক লাগে তেন্তে আপুনি চালাড বা চুপ খাব পাৰে।

নিউট্রিচার্জ বিজে সম্পর্কে কিছুমান প্রশ্ন

প্রশ্ন -1 – নিউট্রিচার্জ  বিজে কি?

নিউট্রিচার্জ বিজে হাড় আৰু জোৰাৰ বাবে  স্বাস্থ্য পৰিপূৰক। এইটো বিশেষভাবে আঁঠুৰ জোৰাৰ বাবে তৈয়াৰ কৰা হৈছে৷

প্রশ্ন 2 – নিউট্রিচার্জ বিজে এবিধ ঔষধ হয়নে?

নিউট্রিচার্জ বিজে কোনো ঔষধ নহয়। এইটো এটা খাদ্য পৰিপূৰক।

প্রশ্ন -3 – নিউট্রিচার্জ বিজে কোনে কোনে খাব পাৰে?

যিসকলে আঁঠুৰ জোৰাত বিষ অনুভব কৰে, তেওঁলোকে অনতিপলমে নিউট্রিচার্জ বিজে খাবলৈ আৰম্ভ কৰা উচিত।

প্রশ্ন.4 – শৰীৰৰ অন্যান্য জোৰাৰ বিষৰ বাবে আৰু সেইবোৰৰ শক্তিশালীকৰণৰ বাবে নিউট্রিচার্জ বিজে খাব পাৰি নে?

আঁঠুৰ জোৰাবিলাকত আটাইতকৈ লাগতিয়াল জোৰা, কিয়নো এইবিলাকে আমাৰ দেহাৰ শৰীৰৰ ওজন বহন কৰে। গতিকে, এই জোৰাবিলাকৰ যথেষ্ট যত্ন লোৱাটো প্রয়োজন। যিনহওক, নিউট্রিচার্জ বিজেই শৰীৰৰ অন্যান্য জোৰাৰ স্বাস্থ্য উন্নত কৰে।

প্রশ্ন 5- নিউট্রিচার্জ বিজে খুব বেছি দামী নে?

অনুগ্রহ কৰি এইটোৱে আগবঢ়োৱা অর্থৰ মূল্য বুজক। আঁঠু প্রতিষ্ঠাপন অপাৰেচন কৰিবলৈ লাখ লাখ টকা লাগে৷ আপুনি যদি নিউট্রিচার্জ বিজে খোৱা আৰম্ভ কৰে তেন্তে ভবিষ্যতে হব পৰা ইমান ডাঙৰ খৰচ এৰাব পাৰি।

প্রশ্ন 6 – নিউট্রিচার্জ বিজে  টেবলেট আৰু ছেশ্বে একেলগে খোৱাটো প্ৰয়োজনীয়নে?

নিউট্রিচার্জ বিজেৰ বৈজ্ঞানিক সূত্রটো এনেকুৱাকৈ প্রণয়ন কৰা হৈছে যে কিছুমান পুষ্টিকৰ উপাদান টেবলেটৰ ভিতৰত দিয়া হৈছে আৰু কিছুমান ছেশ্বেত দিয়া হৈছে। যিবোৰ পুষ্টিক টেবলেটত দিব পৰা নেযায়, সেইবোৰক ছেশ্বেত দিয়া হৈছে। টেবলেটটোত এনেকুৱা কিছুমান পুষ্টি আছে যিবোৰক তিতা সোৱাদৰ বাবে পাউডাৰত দিয়া হোৱা নাই। গতিকে,  নিউট্রিচার্জ বিজে  টেবলেট আৰু ছেশ্বেক সর্বোত্তম কার্যকাৰিতাৰ বাবে একেলগে খোৱা উচিত।

প্রশ্ন 7 – কিমান দিনলৈকে নিউট্রিচার্জ বিজে  খাব লাগে?

সাধাৰণতে, নিউট্রিচার্জ বিজে  এক মাহৰ ভিতৰতেই তাৰ ফলাফল দেখুৱায়। কিন্তু ভালকৈ উপকাৰ পাবলৈ অন্তত তিনি মাহৰ বাবে এইটো খোৱা উচিত৷ মতা / মাইকী মানুহৰ আঁঠুৰ জোৰাৰ অৱস্থাৰ ওপৰত নির্ভৰ কৰি উপকাৰ পোৱাৰ সময়কাল ব্যক্তি বিশেষ বেলেগে হব পাৰে।  বহুত দিনলৈকে নিউট্রিচার্জ বিজে খালে কোনো ক্ষতি নহয়।

প্রঃ 8 নিউট্রিচার্জ বিজে দিনৰ কোনটো সময়ত খাব লাগে?

নিউট্রিচার্জ বিজে সন্ধিয়া খাব লাগে। যদি সন্ধিয়া সময়ত খাব নোৱাৰে, তেন্তে আপুনি নিজৰ সুবিধামতে বিশেষ কোনো সময়ত খাব পাৰে। কিন্তু অনুগ্রহ কৰি মনত ৰাখিব যে এইটো সদায়েই এটা নির্দিষ্ট সময়ত খোৱা উচিত।

প্রশ্ন 9 – নিউট্রিচার্জ বিজে কেনেকৈ খাব লাগে?

এক গিলাচ পানীত ছেশ্বৰ পাউডাৰখিনি মিহলাই খাব লাগে। টেবলেটটোৰ লগতে এইটো খাব লাগে।

প্রশ্নঃ 10 – নিউট্রিচার্জ বিজেৰ কোন পার্শ্ব প্রতিক্রিয়া আছে নে?

নিউট্রিচার্জ বিজে খালে কেইবাদিন আপোনাৰ পায়খানা হব পাৰে।

প্রশ্ন 11 – আপনি সেই মানুহবোৰক ক’ত পাব যিসকলে নিউট্রিচার্জ বিজে খাই উপকাৰ পাইছে?

আপুনি চিৰি থকা ঠাইবোৰত তেনে ধৰণৰ মানুহ বিলাকক পাব৷ নিউট্রিচার্জ বিজে সেইবিলাক মানুহৰ বাবে উপকাৰী যিসকলে চিৰি বগাই উঠিবলৈ কষ্ট পায়।

প্রশ্নঃ 12 – গ্লুকোচেমাইন ছালফেটতকৈ গ্লুকোচেমাইন হাইড্রোক্লোৰাইড কেনেকৈ বেছি ভাল?

গ্লুকোচেমাইন ছালফেটৰ ৭৪% বিশুদ্ধতা তুলনাত গ্লুকোচেমাইন হাইড্রোক্লোৰাইড ৯৯% বিশুদ্ধ।  ৭৫০ মিলিগ্রাম গ্লুকোচেমাইন হাইড্রোক্লোৰাইড, ১৩০৪ মিলিগ্রাম গ্লুকোচেমাইন ছালফেটৰ সমান। মাছৰ হাৰৰ নির্যাসৰ পৰা উলিওৱা গ্লুকোচেমাইন বজাৰত বহুতো পোৱা যায়। নিউট্রিচার্জ বিজেত প্রয়োগ হোৱা গ্লুকোচেমাইন হাইড্রোক্লোৰাইড সম্পূর্ণভাবে নিৰামিষ।

প্রশ্ন.13 –আন আন কেলচিয়ামৰ তুলনাত নিউট্রিচার্জ বিজেত থকা গাখীৰৰ কেলচিয়াম কেনেকৈ বেছি ভাল?

মিল্ক কেলচিয়াম আন আন কেলচিয়ামৰ তুলনাত বেছি ভালকৈ শোষিত হয়। মিল্ক কেলচিয়াম হাড়ৰ শক্তি বৃদ্ধিকাৰক হিচাবে কাম কৰে। এই ধৰণৰ মিনাৰেলচ বিলাক আন আন কেলচিয়ামত পোৱা নেযায়।

প্র.14 – কিয় নিউট্রিচার্জ বিজেত মেগনেচিয়াম দিয়া হয়?

আমাৰ দেহাৰ খাদ্যৰ পৰা কেলচিয়াম শোষণৰ বাবে পর্যাপ্ত মেগনেচিয়ামৰ প্রয়োজন হয়। হাড়ৰ ভিতৰত কেলচিয়াম জমা হৈ হাড়ক শক্তিশালী কৰাৰ বাবে মেগনেচিয়ামও প্রয়োজন হয়। ইয়াৰ বহুতো উপকাৰীতাৰ বাবে মেগনেচিয়ামক “অলৌকিক খনিজ” বোলা হয়।

প্ৰশ্ন.15 – মেগনেচিয়ামৰ আৰডিএ কি? নিউট্রিচার্জ বিজেত কিমান পৰিমানৰ মেগনেচিয়াম আছে?

মতা আৰু মাইকী মানুহৰ বাবে মৌলিক মেগনেচিয়ামৰ আৰডিএ উপাদানৰ পৰিমাণ হ’ল ৩০০ মিলিগ্রাম। নিউট্রিচার্জ বিজেত এই ৩০০ মিলিগ্রাম মৌলিক মেগনেচিয়ামৰ গোটেইখিনি দিয়া হৈছে।

প্রশ্ন 16 – ইনুলিন কি আৰু ইয়াক কিয়  নিউট্রিচার্জ বিজেত দিয়া হয়?

ইনুলিন হ’ল এটা প্রাকৃতিক দ্রবণীয় ফাইবাৰ যিটোৱে কেলচিয়ামৰ শোষণ বৃদ্ধি কৰি হাড়ৰ পৰিচর্যাত সহায় কৰে। ইনুলিনে হাড়ৰ ভিতৰত থকা খনিজ পদার্থক সহায় কৰিব পাৰে।

প্রশ্ন -17 – নিউট্রিচার্জ বিজেত কিয় গোলাপৰ নির্যাস দিয়া হয়?

গোলাপৰ নির্যাসে আঁঠুৰ জোৰাৰ নমনীয়তা আৰু গতিশীলতা বৃদ্ধি কৰে।

প্রশ্ন 18 – আঁঠুৰ জোৰাৰ ক্ষেত্রত ভিটামিন K27 এ কেনেকৈ উপকাৰ কৰে?

ভিটামিন K27 –এ কেলচিয়াম জমা কৰি হাড়ক শক্তিশালী কৰে।

প্রশ্ন 19 –  নিউট্রিচার্জ বিজেত কিমানখিনি ভিটামিন K27 আছে?

নিউট্রিচার্জ বিজেৰ প্রতিটো টেবলেটত ৫৫ মাইক্রো গ্রাম ভিটামিন K27 আছে।

প্রশ্ন 20 – ভিটামিন ডি কিয় নিউট্রিচার্জ বিজেত দিয়া হয়?

নিউট্রিচার্জ বিজেত থকা ভিটামিন ডিএ অন্ত্ৰত হাড় মজবুত কৰা কেলচিয়ামৰ শোষণ বৃদ্ধি কৰে। এইটোৱে কার্টিলেজৰ ক্ষতি ৰোধ কৰিব পাৰে।

প্রশ্ন.21 – নিউট্রিচার্জ বিজেৰ সোৱাদ কেনেকুৱা?

নিউট্রিচার্জ বিজেত বিশুদ্ধ ইলাচি দিয়া হয়, ফলত এটা ধুনীয়া সোৱাদ আৰু গোন্ধ পোৱা যায়।

প্রশ্ন. 22- আঁঠুৰ জোৰা বিলাকৰ বিষৰ পৰা হাত সাৰিবলৈ পেইন কিলাৰ টেবলেট খোৱাটো উচিত নে?

পেইন কিলাৰ টেবলেট অস্থায়ী সকাহ দিয়ে। স্থায়ীভাবে আৰাম পাবলৈ হলে, আপুনি আপোনাৰ জোৰা বিলাকক মজবুত কৰিব লাগিব, আপোনাৰ হাড় শক্তিশালী আৰু আঁঠুৰ ভিতৰত জুলীয়া উপাদান বৃদ্ধি কৰিব লাগিব।

প্রশ্ন 23 – নিউট্রিচার্জ বিজে ক্লিনিকেলী প্রমাণিত হোৱাৰ তাৎপৰ্য কি?

ইয়াৰ অর্থ হ’ল যে চৰকাৰ স্বীকৃত বিশেষজ্ঞৰ নৈতিক কমিটিয়ে প্ৰমাণপত্ৰ দিছে যে এই উপাদানটোৱে বৈজ্ঞানিকভাবে আঁঠুৰ জোৰাৰ স্বাস্থ্য পুনৰুজ্জীবিত কৰে। এইটোৱে প্রমাণ কৰে যে এই সামগ্ৰীবিধ ব্যৱহাৰ কৰাটো সম্পূর্ণভাবে নিৰাপদ।

প্রশ্ন.24 – যদি কোনো এজন গ্রাহকৰ নিউট্রিচার্জ বিজে কিনাৰ ক্ষমতা নেথাকে, তেন্তে কি কৰা উচিত?

যদি গ্রাহকৰ ওচৰত পইচা নেথাকে, তেন্তে তেওঁক নিউট্রিচার্জ বিজে কিনিবলৈ বাধ্য নকৰিব। যদি গ্রাহকে নিউট্রিচার্জ বিজে সম্পুর্ণকৈ নেখায় তেন্তে তেওঁ আঁঠুৰ বিষৰ পৰা মুক্ত নহব।  এজন কিনিব নিবিচৰা গ্রাহকে আন আন গ্রাহককো কিনিব দিব নিবিচাৰিব।

প্রশ্ন 25 – নিউট্রিচার্জ বিজে বাৰু গেৰান্টি সহ আৰাম দিয়ে নে?

হয়, নিশ্চিতভাবেই। আপোনাৰ ঘৰৰ সকলোৰে বাবে  নিউট্রিচার্জ বিজে  ব্যৱহাৰ কৰক। অন্যান্য সন্তুষ্ট গ্রাহকৰ প্রশংসাপত্র তৈয়াৰ কৰক। এইদৰে, আপুনি নিজেই নিউট্রিচার্জ বিজেৰ বাবে এগৰাকী গেৰান্টি হৈ যাব।

নিউট্রিচার্জ কিডচ্‌ সম্পর্কে কিছুমান প্রশ্ন

প্রশ্ন 1 – কিমান বয়সৰ পৰা আমি নিউট্রিচার্জ  কিডচ্‌ দিব পাৰো?

নিউট্রিচার্জ  কিডচ্‌ ২ –ৰ পৰা ১২ বছৰ বয়সলৈকে দিব পৰা যায়।

প্রশ্ন 2 – নিউট্রিচার্জ কিডচ্‌ৰ প্রধান সুবিধাবোৰ কি কি?

নামটোৰ পৰাই বুজিব পাৰি যে নিউট্রিচার্জ কিডচে্‌ শিশুৰ মস্তিষ্কৰ বিকাশত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শক্তি বঢ়ায়।

প্রঃ 3 – নিউট্রিচার্জ কিডচ্‌ কেতিয়া দিয়া উচিত?

পুৱা ব্রেকফাষ্টৰ পিছত নিউট্রিচার্জ কিডচ্‌ দিয়া উচিত।

নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট সম্পর্কে কিছুমান প্রশ্ন

প্রশ্ন -1 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট কি?

নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট হ’ল এক পুষ্টিদায়ক পৰিপূৰক যিটো প্রাক্‌-ডায়বেটিক মানুহৰ শৰীৰত তেজৰ শর্কৰাৰ মাত্রা কমোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। এনেকুৱা ধৰণৰ পৰিপূৰক বিশ্বত এইটোৱেই আছে৷

প্রশ্ন 2- নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট এক প্রকাৰৰ ঔষধ নে?

নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট কোনো ধৰণৰ ঔষধ নহয়। এইটো এটা খাদ্য পৰিপূৰক।

প্রশ্ন 3 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট কোনে খাব লাগে?

প্রাক্‌-ডায়বেটিক মানুহে নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খাব লাগে।

প্রশ্ন 4 – কাৰোবাৰ প্রাক্‌-ডায়বেটিছ অৱস্থা হলে তেওঁ কেনেকৈ জানিব পাৰিব?

গ্লুকোমিটাৰৰ সহায়ত তেজৰ শৰ্কৰাৰ স্তৰ পৰীক্ষা কৰিহে এজন মানুহ প্রাক্‌-ডায়াবেটিছ হয় নে নহয় সেইটো জানিব পাৰিব।  যদি এজন মানুহৰ শৰীৰত তেজৰ শর্কৰাৰ মাত্রা ১৪০ মিলিগ্রাম / ডিএল আৰু ২০০ মিলিগ্রাম / ডিএল হয়, তেন্তে তেওঁ এজন প্রাক্‌-ডায়াবেটিক।

প্রশ্ন 5 – যদি এজন মানুহৰ তেজৰ শৰ্কৰাৰ মাত্রা ১৪০ মিলিগ্রাম / ডিএলত কৈ কম হয় তেনেহলে কি কৰা উচিত?

প্রথমতে, অনুগ্রহ কৰি মানুহজনক সুস্থ হৈ থকাৰ বাবে অভিনন্দন জনাওক। তাৰ পিছত তেওঁক প্রতিদিনে ব্রেকফাষ্টত নিউট্রিচার্জ পিভিএমএফ ব্রেকফাষ্ট খোৱাৰ পৰামর্শ দিয়ক।

প্রশ্ন 6 – প্রাক্‌-ডায়াবেটিছ হোৱাৰ কিবা আগতিয়া উপসর্গ আছে নে?

সাধাৰণত, প্রাক্‌-ডায়াবেটিছৰ কোনো আগতীয়া উপসর্গ নাই।

প্রশ্ন 7 – প্রাক্‌-ডায়াবেটিছ হানীকাৰক নে?

সঠিক যত্ন নল’লে প্রাক্‌-ডায়বেটিছৰ পৰা আপোনাৰ ডায়বেটিছ হব পাৰে। ইয়াৰ ফলত আপোনাৰ চকু, বৃক্ক, হৃদয় আৰু মস্তিষ্কৰ ক্ষতি হব পাৰে।

প্রশ্ন 8 – প্ৰাক-ডায়বেটিক ৰোগীৰ তেজত শর্কৰাৰ স্তৰ কিমান সঘনাই পৰীক্ষা কৰা উচিত?

এজন প্রাক্‌-ডায়বেটিক ব্যক্তিয়ে তেওঁৰ তেজত শর্কৰাৰ মাত্রা প্রতি মাহত এবাৰকৈ পৰীক্ষা কৰা উচিত।

প্র. 9 – কিয় নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত প্র’টিন যুক্ত কৰা হয়?

কিয়নো প্র’টিনে তেজত শর্কৰাৰ মাত্রা দ্রুত বৃদ্ধি হোৱাটোক বাধা দিয়ে আৰু পেশীবিলাকৰ ক্ষতি ৰোধ কৰে।

যাতে এগৰাকী ব্যক্তিয়ে প্র’টিনৰ  জৰিয়তে সর্বোত্তম পুষ্টি পায় আৰু দুর্বল নহয়।

প্রশ্ন 10 – নিউট্রিচাৰ্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচাৰ্জ গ্লাইচেম প্র’ডায়েটত কিয় হার্বচ মিহলোৱা হয়?

কিয়নো এইবোৰে অন্ত্রত ব্লাড চুগাৰৰ শোষণ প্রতিৰোধ কৰে। সেইবোৰে তেজত ক্রমবর্ধমান শর্কৰাৰ মাৰাত্মক প্রভাবৰ পৰাও ৰক্ষা কৰে।

প্রশ্ন 11- নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত ব্যৱহাৰ কৰা হার্বচ বিলাকৰ চাৰিত্রিক বৈশিষ্ট্য বোৰ কি কি?

প্রতিটো হার্বচেই সমানভাবে উত্তম গুণৰ অধিকাৰী।

প্রশ্ন 12 – ডালচেনি কিয় নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত মিহলোৱা হয়?

ডালচেনিয়ে তেজৰ শৰ্কৰা ক’লেষ্ট্ৰ’লৰ মাত্ৰা নিয়ন্ত্রণত  সহায় কৰে।

প্ৰশ্ন 13- ডালচেনিয়ে ক’লেষ্ট্ৰ’লৰ নিয়ন্ত্রণত  সহায় কৰে নে?

হয়, ডালচেনিয়ে ক’লেষ্ট্ৰ’লৰ নিয়ন্ত্রণত  সহায় কৰে।

প্রঃ 14 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট বহুত দামী নে?

অনুগ্রহ কৰি এইটোৱে আগবঢ়োৱা অর্থৰ মূল্য বুজক। যদি এজন প্রাক্‌-ডায়বেটিক ব্যক্তিয়ে তেওঁৰ ৰক্ত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ নকৰে, তেন্তে অতিশীঘ্রেই তেওঁ এজন  ডায়বেটিক ৰোগী হৈ উঠিব। এজন ডায়বেটিক ব্যক্তিৰ উচ্চ ৰক্তচাপ, হৃদয়ৰ বেমাৰ ইত্যাদিৰ দৰে অন্যান্য বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এই সকলো বেমাৰৰ চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ হ’ব, যিটো নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু নিউট্রিচার্জ গ্লাইচেম টেবলেটৰ দামৰ তুলনাত অতি সামান্য।
নিউট্রিচার্জ প্র’ডায়েট বা নিউট্রিচার্জ ষ্ট্ৰ’বেৰি প্র’ডায়েটৰ খৰচ নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খৰচৰ অন্তর্ভুক্ত। আপুনি নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটৰ সৈতে মিঠাকাৰক ছেশ্বে বিনামূলীয়াকৈ পাব। ইয়াত অতি উত্তম গুণমানৰ প্ৰাকৃতিক উদ্ভিদ আৰু পুষ্টি আছে। ইমান বিলাক বস্তু একেলগে এনেকুৱা কম দামত পোৱাটো অসম্ভৱ।

প্রশ্ন 15 – বজাৰত পোৱা আন আন প্র’ডাক্টতকৈ নিউট্রিচার্জ গ্লাইচেম কেনেকৈ বেছি ভাল?

নিউট্রিচার্জ গ্লাইচেম এক পুষ্টিকৰ সম্পূৰ বিশেষকৈ প্রাক্‌-ডায়াবেটিক মানুহৰ বাবে প্রস্তুত কৰা হয়। ৰক্ত শর্কৰাৰ উন্নত ব্যৱস্থাপনাৰ বাবে ১২বিধ  প্রাকৃতিক উদ্ভিদ, প্র’টিন, ডায়াবেটিছ ফাইবাৰ, দাৰুচেনি আৰু অন্যান্য পুষ্টি যুক্ত কৰা হৈছে। বজাৰত উপলব্ধ অন্য কোনো উপাদানত ইমান ভাল মানৰ পুষ্টি পাবলৈ নাহি।

প্রশ্ন.16 – কোন সময়ত নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খাব লাগে?

নিউট্রিচার্জ গ্লাইচেম টেবলেট নিতৌ পূৱা একো নোখোৱাকৈ চোবাই খাব লাগে। এক গিলাচ কম চর্বিযুক্ত গাখীৰৰ সৈতে এক হেতা নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু লগতে এটা ছেশ্বে মিঠাকাৰক মিহলাই খাব লাগে। নিউট্রিচার্জ গ্লাইচেম টেবলেটৰ সৈতে এই শ্বেইকটো খাওক।

প্রশ্ন.17 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট কিমান দিনলৈকে খাব লাগে?

ব্লাড চুগাৰ লেভেল স্বাভাবিক হৈ ১৪০ এমজি / ডিএল ৰ তলত নামি নোযোৱালৈকে নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খাই যাব লাগে। ব্লাড চুগাৰৰ স্তৰ স্বাভাবিক হৈ যোৱাৰ পিছত আকৌ যাতে বৃদ্ধি নহয় তাৰ বাবে আমি আপোনাক ৰক্ত শর্কৰাৰ স্বাভাৱিক মাত্রা অর্জনৰ পিছতো এইটো খাই যাবলৈ পৰামর্শ দিম।

প্রশ্ন.18- নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খাই কিমান দিনলৈ আমি ৰক্ত শর্কৰাৰ মাত্রা স্বাভাবিক হব বুলি আশা কৰিব পাৰো?

সাধাৰণতে, ৰক্ত শর্কৰাৰ মাত্রা এক মাহত 20 মিলিগ্রাম / ডিএল হ্ৰাস হয়। নিয়মিয়াকৈ নিউট্রিচার্জ গ্লাইচেম টেবলেট খোৱা, আহাৰ গ্ৰহণ কৰা আৰু শাৰীৰিক কাম কাজৰ ওপৰত এজন মানুহৰ ৰক্ত শর্কৰাৰ স্তৰ হ্ৰাস হোৱাটো নির্ভৰ কৰে।

প্রঃ.19 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট এজন ডায়বেটিক বেমাৰীক দিব পাৰি নে?

হয়, ডায়বেটিক বেমাৰীক নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট দিব পাৰি। এইটোৱে তেওঁলোকৰ শক্তি বৃদ্ধি কৰে আৰু আৰাম দিয়ে। অৱশ্যে অনুগ্রহ কৰি তেওঁলোকে ডায়বেটিছৰ ঔষধ খাই থকাটো নিশ্চিত কৰিব।

প্রশ্ন 20 – মাথোন নিউট্রিচার্জ গ্লাইচেম টেবলেট খাই যদি এজন প্রাক্‌-ডায়াবেটিছ ব্যক্তি ভাল হৈ উঠে, তেনেহলে নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খোৱাৰ প্রয়োজন কি?

নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত আছে ভিন ভিন ধৰণৰ পুষ্টি যিবোৰে ব্লাড চুগাৰ লেভেলক বিভিন্ন ভাবে নিয়ন্ত্রিত কৰে। গতিকে, সর্বোত্তম ফলাফলৰ বাবে দুয়োটাই একেলগে খোৱা উচিত।

প্রশ্ন 21 – নিউট্রিচার্জ মেন টেবলেট বা নিউট্রিচার্জ অ’মেন টেলেটটো নিউট্রিচার্জ  গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ  গ্লাইচেম প্র’ডায়েটৰ সৈতে খাব পাৰি নে?

হয়, খাব পাৰি।

প্রশ্ন 22- নিউট্রিচার্জ প্র’ডায়েট নাইবা নিউট্রিচার্জ স্ট্রবেৰি প্র’ডায়েটৰ সৈতে নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খোৱাটো প্রয়োজন নে?

নহয়, নিউট্রিচার্জ প্র’ডায়েট নাইবা নিউট্রিচার্জ স্ট্রবেৰি প্র’ডায়েটৰ সৈতে নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খোৱাটো প্রয়োজন নহয়।

প্রশ্ন 23 – নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খোৱাৰ সময়ত আন কিবা যত্ন ল’ব লাগে নেকি?

নিউট্রিচার্জ গ্লাইচেম টেবলেট আৰু নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট খোৱাৰ লগতে চেনি বিহীন পৰিমিত ডায়েট খোৱা আৰু ব্যায়াম কৰা  উচিত (৬০০০ খোজ খোজকঢ়া আৰু ২৫০ টা চিৰি বগাই উঠা)।